আহোম সকল:-
১. কোন জন আহোম স্বৰ্গদেউক "সাত ৰাজ মাৰি এক ৰাজ কৰা "বুলি কোৱা হয় ?
👉চাওলুং চুকাফা
২. চুকাফাই কিমান বছৰ সিংহাসনত ৰাজত্ব কৰিছিল ?
👉 ৩৯ বছৰ ৪ মাহ ।
৩. চুডাংফা বা বামুনী কোঁৱৰ কেতিয়া সিংহাসনত বহিছিল ?
👉 ১৩৯৭ চনত ।
৪. কোনজন আহোম ৰজাই প্ৰথম বাৰৰ বাবে হিন্দু ৰীতি গ্ৰহণ কৰিছিল?
👉 চুদাংফা য়ে ।
৫. চুদাংফা ই ক'ত ৰাজ্যৰ ৰাজধানী পাতিছিল ?
👉 চাৰগুৱাত ।
৭. কোনজন আহোম ৰজাৰ ৰাজত্ব কালত তিপামৰ ৰণ হৈছিল ?
👉 চুদাংফা বা বামুনী কোঁৱৰৰ ৰাজত্ব কালত ।
৮. শিঙৰী ঘৰত উঠা প্ৰথা কোনজন ৰজাই আৰম্ভ কৰিছিল ?
👉 চুদাংফা য়ে ।
৯. শিঙৰী ঘৰত উঠা চাং ঘৰ মুঠতে কেইটা আৰু কি কি ?
👉 ৩ টা । (পাট ঘৰ,হোলোং ঘৰ আৰু শিঙৰী ঘৰ)
১০.শিঙৰী ঘৰত গা ধোৱা পানীৰ মানুহক বিদায় দিয়া অনুষ্ঠানক কি বুলি কোৱা হয় ?
👉 নেওচা দিয়া ।
১১. চুদাংফাৰ কেতিয়া মৃত্যু হৈছিল ?
👉 ১৪০৭ চনত ।
১২. কোন জন স্বৰ্গদেউয়ে শিঙৰী ঘৰত নৰবলি দিয়া প্ৰথা বন্ধ কৰিছিল ?
👉 স্বৰ্গদেউ ৰুদ্ৰসিংহ ই ।
১৩. কোন জন স্বৰ্গদেউ ৱে " বঙালৰ অধীনত থকাতকৈ মৰায়ে শ্ৰেয়" বুলি কৈছিল ?
👉 স্বৰ্গদেউ চক্ৰ ধৱজ সিংহ ই ।
১৪. কোনজন আহোম ৰজাৰ দিনত আহোম সেনায়ে নিজহাতে বৰটোপ নিৰ্মান কাম আৰম্ভ কৰে ?
👉 উদয়াদিত্য সিংহৰ দিনত ।
১৫. স্বৰ্গদেউ উদয়াদিত্য সিংহ ক কোনে হত্যা কৰিছিল ?
👉 দেবেৰা বৰুৱাই ।
১৬. দেবেৰা বৰুৱাক কোনে হত্যা কৰাইছিল?
👉 আঁতন বুঢ়াগোহাঁই য়ে ।
১৭. আতন বুঢ়াগোহাঁই ক কোনে হত্যা কৰিছিল ?
👉 লালোকসুলা বৰফুকনে ( চুলিকফাক সিংহাসনত বহুৱাইছিল )
১৮. কোনজন আহোম স্বৰ্গদেউ ৰ দিনত বৈৰাগী, খাউন্দ, কটকী, দলৈ, কাকতি আদি খেলৰ সৃষ্টি হৈছিল ?
👉 ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত ।
১৯. গায়ন বৰুৱা, বেজবৰুৱা, শেনছোৱা বৰুৱা আদি পদবী কোন জন আহোম ৰজাই সৃষ্টি কৰিছিল?
👉 স্বৰ্গদেউ ৰুদ্ৰ সিংহ ই ।
২০. স্বৰ্গদেউ শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল ?
👉 কৃষ্ণৰাম ভট্টাচাৰ্য্য( পৰ্বতীয়া গোঁসাই) ৰ ওচৰত ।
২১. শিৱসিংহৰ পত্নীৰ নাম কি আছিল?
👉 ৰাণী ফুলেশ্বৰী । [ ৰাণী ফুলেশ্বৰী য়ে গৌৰীসাগৰ পুখুৰী খন্দাইচিল ]
২২. ৰাণী ফুলেশ্বৰীৰ ভনীয়েক কোন আছিল ?
👉 অম্বিকা কুঁৱৰী । ( শিৱসিংহৰ দ্বিতীয় পত্নী)
২৩. শিৱ দৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল ?
👉 অম্বিকাকুৱঁৰী য়ে ।
( আগলৈ....)
For more questions visit
Here:- assampolicestudy.blogspot.com
Comments